Category Archives: সাহিত্য

বৰ্তমান সমালোচনাৰ মানদণ্ড

বৰ্তমান সমালোচনাৰ মানদণ্ড ইমানে নিম্ন মানৰ যে তাত কোনো নিৰপেক্ষ দৃষ্টিভংগীৰ নীতি দেখা নাযায় । অনুসন্ধান আৰু তথ্যসমূহ অধ্যয়ন নকৰাকৈয়ে সমালোচনা কৰা দেখা যায় য’ত ব্যক্তিগত আক্ৰমণাত্মক বা প্ৰতিশোধপৰায়ণ মনোভাৱ প্ৰকাশ পাই । বৰ্তমান আমাৰ সমাজত ক্ৰমান্বয়ে আনৰ দ্বাৰা পৰিচালিত সমালোচক আৰু বুদ্ধিজীৱি সকলে প্ৰায়ে সংবাদ মাধ্যকত সস্তীয়া জনপ্ৰিয়তা লাভ কৰিবলৈ সাম্প্ৰদায়িক মন্তব্য প্ৰকাশ কৰা দেখা যায় । যেতিয়া গাই গৰু বিলাক গৰম উঠে তেতিয়া ডাঙৰ ডাঙৰ ষাঁড় গৰু পিছে পিছে ঘুৰি ফুৰে আৰু তাকে দেখি সৰু সৰু দমৰা কেইটামান এনেয়ে ঘুৰি ফুৰে আমাৰ অসমৰ সমালোচক আৰু বুদ্ধিজীৱিসকলৰ অৱস্থাটো সৰু দমৰা কেইটাৰ দৰে ।

অধঃপতিত হৈছে নেকি সাহিত্যিক সমাজ

ভাবি চাওকছোন । অসম সাহিত্য সভাৰ অধিৱেশনথলীত পৰমানন্দ ৰাজবংশীক যি ভাবে অপদস্থ কৰা হ’ল তাত কোনো বিশিষ্ট লোকৰ সুপ্ত হৈ থকা গভীৰ বিতৃষ্ণা প্ৰকাশ পোৱা যেন লগা নাই নে ? কিছুমান বিশিষ্ট লোকৰ আক্ৰমণাত্মক আৰু প্ৰতিশোধপৰায়ন মনোভাৱৰ বাবেই সাময়িক উত্তেজনাৰ বসবৰ্তী হৈ কিছুমান লোকে ৮ ফেব্রুৱাৰীৰ নিশা শিৱসাগৰত ড° পৰমানন্দ ৰাজবংশীক আক্ৰমণা কৰি সাহিত্য সভাৰ জাতীয় অনুষ্ঠানটোকে ইতিহাসৰ পাতত কলংকিত কৰা নাই নে ?  ১৯৯৩ চনৰ শিৱসাগৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ ঊনষাঠিতম অধিবেশনটো ড° ভূপেন হাজৰিকাৰ ওপৰত দু্ৰ্ভাগ্যজনক ভাবে কিছুমান বিশিষ্ট লোকৰ বিতৃষ্ণা প্ৰকাশ কৰিছিল ।

এই গোটেই কথাবোৰ সাৱধানে লক্ষ্য কৰিলে দেখা যায় সঠিক ভাবে চিন্তা কৰিব পৰা বিশিষ্ট সাহিত্যিক লোক সকলে মৌণ হৈ থাকি ঘটনাৰ বিষয়টো ৰাজনৈতিক লৈ পৰিৱতন কৰিব বিচাৰিছে । আৰু ইয়াক গভীৰ ভাৱে লক্ষ্য কৰিলে দেখা য়ায মিথ্যাচাৰৰ আশ্ৰয় লৈ ড° পৰমানন্দ ৰাজবংশীৰ বিৰুদ্ধে কিছু লোকে নিজৰ স্বাৰ্থসিদ্ধি বাবে অনাহক বিতৰ্ক আৰম্ভ কৰা দেখা যায় । যাৰ ফলত দোষীক শাস্তি প্ৰদান কৰাত বিলম্ব হ’ব পাৰে । মই অৱশ্যেই আশা কৰিম দোষীক উপযুক্ত শাস্তি প্ৰদান কৰাটো আৰু যাতে ভৱিষ্যতে এনে ঘটনাৰ পুনৰবৃত্তি নহয় । শেষত , ড° পৰমানন্দ ৰাজবংশী প্ৰকৃততে কি … সময়ে প্ৰমাণ কৰিব … ।।

নিজস্ব অনুভৱঃ

“প্ৰেমৰ কথাটো আৰু আনক ক’ব নোৱাৰি

নিশ্বাসৰ দৰে নিঃশব্দ হৈ যেন বিচাৰি ফুৰে

শব্দ, বৰ্ণ আৰু পোহৰৰ উৎস ।”

            হীৰুদা

নিজস্ব অনুভৱঃ

ইউনিভাৰচিটিত পঢ়িব আহা দিন ধৰি মনৰ মাজত কথা এটা লৈ ফুৰিছো, কথাটো স্পষ্টকৈ কৈ দিয়া উচিত আছিল কিন্ত ক’ব পৰা নাই । যিটো কথা ক’ব খুজিছো এই কথাটো আৰম্ভনি কৰাই সমস্যা । সেই বিশেষ শব্দটো ক’বলৈ বিচাৰি নাপাওঁ; কি শব্দ কৈ মই বুজাও ? সকলো মানুহৰে বিশেষ মানুহ এজন থাকে, মোৰো মনৰ মনিকোঠাত সেই বিশেষ মানুহজন লৈ আজি এবছৰ আৱেগিক আৰু  অনুভূতিশীল হৈ ঘুৰি ফুৰিছো । সেই বিশেষ শব্দটো ক’ব পৰা নাই । অন্ততঃ সফল নহ’লেও  বিফলটো হ’ম ।বিফলতাও মানুহৰ জীৱনত আশা আনে । আচলতে মোৰ জীৱনটো গতানুগতিক ভাবে পাৰ হৈ গৈ আছে । দুখো নাই সুখো নাই । এনেকৈয়ে আৰম্ভ হৈছিল মোৰ জীৱনৰ প্ৰতিটো স্তৰ । শৈশৱৰ পৰা যৌৱনলৈ । সময় যেন ৰৈ নাথাকে । পাৰ হৈ গৈছে প্ৰতিটো স্তৰ । বোধহয় জীৱনত প্ৰেম এক জটিল অনুভূতি । ইয়াক অনুভৱ কৰিব পৰি কিন্ত ভালপোৱা জনক কোৱা টান । মই তোমাক ভাল পাওঁ বা মই তোমাৰ প্ৰেমত পৰিছো; কিন্ত কিয় ভাল পাওঁ বা কিয় প্ৰেমত পৰিছো তাক বুজাব নোৱাৰোঁ ।    

নাঙেলী গীত

নাঙেলী গীতৰ সৃষ্টি অতি প্ৰাচীন আৰু গৰখীয়া সমাজত মুক্ত ভাবে গোৱা অশ্লীল গীত । গৰু-ম’হ চৰা গৰখীয়াসকলেই নাঙেলী গীতৰ সৃষ্টিকৰ্ত্তা ।

মঙ্গলদৈ অঞ্চলত মুঠ ওঠৰ কুৰি নাঙেলী গীত থকা কথা জনা যায় । যেনে—

নাঙেলী একুৰি         নাঙেলী দুকুৰি

নাঙেলী ওঠৰ কুৰি,

অমুকীৰ বাপেকে       হাতযোৰ কৰছি

নাঙেলী নামাৰবা বুলি ।

অশিক্ষিত গাৱলীয়া ডেকা-গাভৰুৰ প্ৰেম-প্ৰীতি অথবা প্ৰণয়েই নাঙেলী গীতৰ সৃষ্টিৰ এক অন্যতম প্ৰধান সুৰ বুলি ক’ব পাৰি । সেয়ে ওচৰেৰে যোৱা গাভৰুৰ ওচৰত প্ৰেম নিবেদন কৰি, নহলে জোলাই-মেলি অসীম তৃপ্তি লাভ কৰে । গৰখীয়াই গায়-

“আমালৈ অমৰা           নুনলৈ খেকেৰা

ফুটীয়া গাখীৰৰ দৈ

মাইকীৰ ঘৰতে           জীয়াৰী ৰাৱে ঐ

ক’ত পাম চেঙেৰা পৈ ।”

গাভৰুৱে গায়—

“আহু তলী তলী     আমি ঝীয়া চলি

আমাকো নালাগে পৈ ।”

আকৌ গৰখীয়াই গায়-

“হগুৰি ওলোঙা     বগুৰি জোলোঙা

বগুৰি নলবি কোঁচত,

গুৰখীয়া পৈয়েৰেক   জোকাই তই নলবি

বগুৰি মাৰি দিম বুকত ।”

সহজ-সৰল গাৰখীয়াই নিজৰ প্ৰেয়সীলৈ মনত পেলাই বেদনাত ছাতি-ফুটি কৰি গীত গায়—

(১)

“আমাৰ গছতে       কুলিয়ে চিঞৰে

লগৰ লগৰী বিচাৰি,

ম’হ চাৰি থাকোতে   তোলৈ মনত পৰে

মৰো মই ছাটি ফুটি কৰি ।”

(২)

“আকাশেদি উৰি গেল     বগাকৈ বগলী

তলেদি উৰি গেল কাক,

গৰুৰ গৰখীয়াক         কোনে ভাল পাব

হায় মোৰ বিধিৰ বিপাক ।”

গাভৰুৱে ৰতি সুখত লিপ্ত থকাৰ সময়ত কুকুৰাই ডাক দি ৰাতিপুৱাৰ সঙ্কেত দিলে আশা ভঙ্গৰ আক্ষেপত—

“ৰাতি নুপুৱাওঁতেই   কিয় ডাক দিলি

গৰখীয়াই এৰিলে মোক ।”

দৰঙৰ কলা-কৃষ্টি

অসমীয়া সাহিত্যৰ বুৰঞ্জীত এখন সুকিয়া স্থান অধিকাৰ কৰি থকা অসমৰ লোক সাহিত্য বা মৌখিক সাহিত্যখিনি অসমীয়া সাহিত্যৰ ভড়াল চহকী কৰি ৰাখিছে ।খ্ৰীষ্টীয় দশম শতিকাত অসমীয়া ভাষাৰ উদ্ভব হোৱাৰ লগে লগে অসমীয়া ভাষাত লিখিত বা অসমীয়া সাহিত্যৰ সৃষ্টি হবলৈ ধৰিছিল আৰু সেই সময়ৰ পৰাই অসমীয়া ভাষা তথা অসমীয়া লিখিত সাহিত্যই বিকাশৰ পথত আগবাঢ়ি বৈশিষ্ট্যপূৰ্ণ বিশাল অসমীয়া সাহিত্যৰ সৃষ্টি হ’ল ।

অসমৰ কলা-কৃষ্টি জগতত দৰং জিলাই প্ৰাচীন কালৰে পৰা এক জনপ্ৰিয় কৃষ্টিৰ মহান ঐতিহ্য বহন কৰি আহিছে; যাৰ গতি কালৰ ধুমুহাই কোনো দিনে ৰুদ্ধ কৰিব পৰা নাই, বৰং নিৰৱচ্ছিন্ন গতিৰে সম্প্ৰসাৰিত হৈ আহিছে । কোনো এটা জাতি-গোষ্ঠীৰ সভ্যতা আৰু স্বকীয় স্থিতিৰ এটা মাপ-কাঠী হৈছে সেই এলেকাত প্ৰবৰ্ত্তিত হৈ থকা কলা-কৃষ্টি আৰু সংস্কৃতিৰ স্বৰুপ । অতীজৰে পৰা পৰম্পৰাগত ভাবে দৰং জিলা বিশেষকৈ মঙ্গলদৈ অঞ্চলৰ জনসাধাৰণৰ মাজত প্ৰবৰ্ত্তন হৈ অহা গীত আৰু কথাৰ ৰুপত মানহৰ মুখে মুখে বাগৰি প্ৰকাশ লাভ কৰা ব্যাসৰ ওজাপালি, সুকন্নানী ওজাপালি, দেওধনী নৃত্য, বৰঢুলীয়া, ঢেপাঢুলীয়া, কালীয়া,খুলীয়া ভাউৰীয়া, বিয়া গীত, নাঙেলী গীত, মহৌখুন্দা গীত, আইনাম, অপেশ্বৰীৰ নাম, চেওঁচাপৰি নাম, থিয়ানাম, আৰু চেৰাঢেক আদিয়ে হ’ল দৰঙী কলা-কৃষ্টি ৰুপে খ্যাত ।

সম্ভৱত অসমীয়া লিপি ৰ্চ্চাৰ পুৰ্বতে সৃষ্টি হৈ প্ৰসাৰ লাভ কৰা দৰঙৰ কলা-কৃষ্টিৰ প্ৰকাশ আৰু প্ৰচাৰৰ মাধ্যম হ’ল জনসাধাৰণৰ স্মৃতি । সেয়েহে অসমীয়া সাহিত্যৰ প্ৰথম পৰিচয় দাঙি ধৰা ঐতিহ্যপুৰ্ণ দৰঙৰ কলা-কৃষ্টিখিনিৰ ৰচনাৰ সঠিক সময় আৰু ৰচক সকলৰ পৰিচয় নিৰ্ণয় কৰিব পৰা নাযায় ।দৰঙী কলা-কৃষ্টিত সাধাৰণতে ব্যক্তি মনৰ ভাব চিন্তা আৰু অনুভূতি আদি প্ৰকাশিত হোৱাৰ পৰিবৰ্ত্তে লোক জীৱনৰ আশা নিৰাশা, হৰ্ষ বিষাদ, ভয় ভক্তি, প্ৰেম প্ৰণয় আনন্দ উৎসৱ, লোক বিশ্বাস, চিন্তাধাৰা আৰু সহজ সৰল জীৱন পদ্ধতি আদি লোক জীৱনৰ সমগ্ৰতা প্ৰকাশ হৈ আছে ।

বিয়া গীত

প্ৰাচিন কালৰে পৰা দৰং তথা মঙ্গলদৈ অঞ্চল কলা-কৃষ্টিৰ ক্ষেত্ৰত চহকী ।দৰঙী কলা-কৃষ্টিৰ আপুৰুগীয়া সম্পদ বিয়াগীত মঙ্গলদৈৰ স্থানীয় থলুৱা ভাষা আৰু সুৰেৰে গোৱা হয় । এই বিয়া গীত সমূহক দুই শ্ৰেণীত ভগাব পৰা যায় । প্ৰথম শ্ৰেণীত বিবাহৰ বৈদিক ক্ৰিয়া কাণ্ডৰ লগত সঙ্গতি ৰাখি দৰা-কইনাৰ মধুৰ মিলন কামনা কৰি গোৱা বিয়াগীত । দ্বিতীয় শ্ৰেণীক নিন্দাগীত বোলা হয় ।

সাধাৰণতে বিয়াগীত বিয়া শুভৰাম্ভনী হোৱাৰ আগদিনাৰ অনুষ্ঠিত তেলভাৰ আৰু বিয়াৰ সমাপ্তিলৈকে এই গীত গোৱা হয় । তেলৰ ভাৰৰ নীতি-নিয়ম আৰু দৰা পক্ষই কইনাৰ ঘৰলৈ অনা তামোলৰ ঠোক বা আন সকলো বস্তৰে এটা মাপ কাঠি নিৰুপন কৰি এনেদৰে বিয়াগীত গায় ।

(১)

আগৰখন ভাৰতে কি কি আনছা (আনিছা)

ৰভাৰে তলতে থ’উ

পাচৰখন ভাৰতে কি কি আনছা

সমাজৰ আগত ক’উ ।

(২)

পানো আনছা মেকুৰী কেনীয়া

তামোল বা আনছা কি ?

ৰভাৰো তল সোমালি ঝগৰো লগালি

সেৱা লৌ বঁটাখন দি ।।

দৰা কইনাক গা-ধুউৱাবলৈ অনুষ্ঠিত নাৰী সমাজৰ পানী তোলা অনুষ্ঠান অতিকে আমোদজনক । ঘাটত পানী তোলাৰ প্ৰস্ততিৰ পৰা ঘৰৰ ভিতৰত থোৱালৈকে বিয়াগীত গোৱা হয় এই অনিষ্ঠানটিত ।

দিহা :     বৰঘৰৰে দুৱাৰ মেলি

উলিয়াইও কলচি এ

পদ :     কলতে দিলে আনি

সেন্দুৰৰ ফোঁটা

চোতালতে ঘন্টা ঘছা

ওপৰতে ৰভা ।

বিয়াৰে উৰুলি দিয়া

কন্যাগণক মাতি

ভাল ভাল বাছি লোৱা

পাঁচজনী আয়তী ।

দিহা :     পাঁচটি হাড়িয়ে পাচ বৰণীয়া

কোন কুমাৰৰ হাড়িয়ে

পদ :      জাতুৱা কুমাৰে হাড়ি গঢ়াই দিছি

ভৈৰা কুৰৰে মাটিয়ে । ইত্যাদি

পানীতোলা গীত—

গোহাইথেৰ পুখুৰীত কেউফালে চেচুৰি

চকোৱাই পানী মল খাই তুলি ও

গোহাইথেৰ পুখুৰীত মই পানীত নামিলো

ঢৌ মাৰি খেদলো পুণি এ

দিহা :     ইঘাটে দুৱৰি সিঘাটে দুৱৰি

হৰিও কোন ঘাটে তুলিম পানী হে ৰাম

যি ঘাটে আছে আজলী যশোদা

হৰি ও সেইঘাটে তুলিমে পানী এ ৰাম ।

পদ :      পাচখনি তামোলে পাচফালে পেলালো

হৰি এ কটাৰী কাটিলো পানী

দৰাৰ মাককে পেলাও দলিমাৰি

হৰি এ লৈ যাওক ঘৈড়ালে টানি ।

………………………………

জল লৈ যশোদা পিচফালে নাচাবি হৰি এ

সাগৰো আহিব লৰি এ জয় হৰি এ । ইত্যাদি ।

আখেই তোলা বিয়াগীত—

আখেই তোলা আখেই তোলা

চেনেহৰে ভাই

আজিৰ পে তোমাৰ বাইদেউৰ

গোত্ৰ চিঙি যায় ।

হলিৰামে আখেই তোলেই

শ্ৰীৰামৰ বিয়া

মুঠি মুঠি কৰি শ্ৰী

অগনিতে দিয়া ।

অগনিতে আখেই

দিয়া মুঠিধৰি

আজিৰ পেৰে(পৰা) বায়েৰ যাবো

গৃহ তিয়াগ কৰি ।

………………

নিন্দগীত ঠাট্টা-মস্কৰা আৰু কটুক্তিযুক্ত হলেও বেচ ৰসাল আৰু আমোদৰ খোৰাক । প্ৰথমে দৰাক জোকাই আৰম্ভ কৰে-

অ’ ৰঘুপতি

নিন্দাপদ গাবলৈ

দিয়া অনুমতি

…………….

সৰু সৰু ঘুটুলুকাই

বৰগুটি খায়,

চিকণ কইনা বিচাৰোন্তে

ৰামৰ বয়স যায় ।

কইনাঘৰীয়া নামতীয়ে গায়—

আদা খালো তিনি চকল

জৰাৰ খালো জিম

আমাৰ লগত জিনবে নল্লি

বোন্দা থেকচা দিম ।

পানী তুলি আহোতে দৰা-কইনাৰ মাকলৈ নিন্দা-

দ পথাৰৰ হোলা হৰি হৰি

দ পথাৰৰ হোলা

দৰাৰ(কইনাৰ) মাকটো লগত আহিছি

আগদাঁত দুই পাৰি সোলা এ ।

দৰা-কইনাক গা-ধুউওৱাৰ পিচত ডাঙি নিবলৈ অহা জনক নিন্দা-

বাপুক(আয়েক) নিব আহি কাষতে বহিলা

কান্ধে নিবলে তুলি এ

তেওঁতে মূৰতে ঢেকুৰাই মূতিলে

বিন্নাৰে চুব বুলি এ ।

বৰপীৰাত বহি থকা দৰালৈ নিন্দা—

ন ঘৰৰ চিকি মিকি

পুৰাণ ঘৰৰ কামি

মুখৰ কাপোৰ গুছৌ দৰা

সদায় দেখো আমি ।

বামুণ-পুৰোহিতৰ নিন্দা—

বা ধান মকুৱা বামুণটো খকুৱা

ঐ ৰাম পিঠা খাও পিঠা খাও কৰেই হে

বামুণৰ বামুণী পিঠা সাজবে নৰেই

অ’ ৰাম বামুণটো খখতে মৰেই হে ।।

বিহুগীত

        প্ৰতিটো জাতিৰে নিজা নিজা সংস্কৃতি অথবা পৰম্পৰাৰ মাজেৰে জাতিটোৰ জাতীয় সত্তা প্ৰতিভাত হয় । বিহুগীত অসমীয়া লোক সাহিত্যৰ এটি অমূল্য সম্পদ বিভিন্ন জনগোষ্ঠীৰ মিলনভূমি এই অসম দেশ । ইয়াৰ বুকুত আছে জাতিৰ প্ৰাণৰ স্পন্দন আৰু সমাজৰ প্ৰতিচ্ছবি ।

         বহুগীত বুলিলেই মনটোৱে ঢাপলি মেলে ৰঙালী বহুৰ সময়ৰ নৃত্য-গীতৰ কথা ।বহাগ বিহু বা ৰঙালী বিহু যে আমাৰ অসমীয়াৰ প্ৰাণ স্বৰুপ তাক বিহুগীততেই প্ৰকাশ পাইছে-

               অতিকৈ চেনেহৰ       মুগাৰে মহুৰা

                     তাতোকৈ চেনেহৰ মাকো,

               তাতোকৈ চেনেহৰ       বহাগৰ বিহুটি

                   নেপাতি কেনেকৈ থাকো ।

       বিহুৰ উৎপতি আৰু ইতিহাস সম্পৰ্কে পণ্ডিতসকলৰ মাজত মতাদৰ্শৰ সীমা নাই । প্ৰাচীন কালত বিহুনৃত্যক যৌনমিললৰ সহায়ক বুলিয়ে এই নৃত্য-গীত কৰা হৈছিল । এই নৃত্য-গীতত আনন্দ অনুভূতিৰ প্ৰকাশ পায় দৈহিক চঞ্চলতাৰ মাজেদি । এনে নৃত্য-গীতত অশ্লীল তাৰ গোন্ধ আছে । লোক বিশ্বাস যে নাৰী আৰু পুৰুষে কৃষিক্ষেত্ৰত নৃত্য-গীত কৰিলে কৃষিৰ উৰ্বৰতা বৃদ্ধি হয় । এনে যৌনগন্ধী নৃত্য-গীতবোৰেই কিছু নীতি-নিয়মৰ বশৱতী হৈ উৎসৱলৈ পৰিৱৰ্তিত হল ।

     বিহুগীতৰ বিষয় বস্ত হল প্ৰেম । বিহুগীতত প্ৰেম আৰু নাৰী সৌন্দৰ্যৰ বৰ্ণনা আছিল অলংকাৰ স্বৰুপা । সেয়ে বিহুগীতত কৰা নাৰীৰ সৌন্দৰ্যৰ বৰ্ণনাক কিছুমানে অশ্লীল বুলিও বিবেচনা কৰে ।

     বিহুগীতবোৰ যৌৱনৰ গীত আৰু সেয়ে প্ৰথম যৌৱনত ভৰি দিয়া ডেকা-গাভৰুৰ আশা-আকাংক্ষাবোৰ স্বতঃস্ফৰ্তভাৱে নিগৰি ওলাই আহে বিহুগীতৰ মাজেদি । প্ৰথম দৰ্শনত দেহ-মন ইতলা হোৱা চেঙেলীয়া গায়—

             প্ৰথমে চালো মই           চকুয়ে চকুয়ে

                       দ্বিতীয়ে চিনাকি হলো,

               তৃতীয়ে লাহৰি                 পিৰীতি কৰিলো

                    কিনো খাই তোকে পাহৰো ।

 

  বিহুগীতৰ মাজেৰে প্ৰকাশ পায় প্ৰেমিক-প্ৰেমিকাৰ সংকল্প লোৱাৰ কথা ।ইজনে সিজনক লগ এৰিব নোৱাৰৰ কথা, আপোন কৰি পোৱাৰ বাবে কঠোৰ সংকল্প লয় প্ৰেমিকে ।

                                                   

           দিখৌ নৈ এৰিব               পাৰো মই লাহৰী

                   জাঁজী নৈ এৰিব পাৰো,

           তোমাৰ ভাৱনা                 এৰিব নোৱাৰো

                  নেখাইয়ো থাকিব পাৰো ।

                                                     

           হালৰে বেছিম মই             কলাকৈ কজলা

                         গোহালিৰ বেছিমে গাই,

          তেওঁ যদি ধনেৰে      চেনাই জোৰাব নোৱাৰো

                         বেচিম সোদৰৰ ভাই ।

         বিহুগীতত বিভিন্ন ধৰণে নাৰীৰ সৌন্দৰ্যৰ বৰ্ণনা কৰি আহিছে । প্ৰেমিকাৰ ৰুপ বৰ্ণনা কৰি আহিছে । প্ৰেমিকাৰ ৰুপ বৰ্ণনা কৰি বিহুবা ডেকাই গায় –

         তোমাৰ বুকুত দুটি         যৌৱনৰ টোপোলা

                           ৰিহা দি থৈছা ঢাকি,

         দেখিলে লাহৰী                 সহিব নোৱাৰো

                       দেহাই কৰে উজনি ভাটি ।

         কঁকাল খামুচীয়া              গাল গোলপীয়া

                         তুমি কোন সৰগৰ পৰী,

           কজলা চকুৰে                 পদুমি খোজেৰে

                       নিলাহি মন মোৰ হৰি ।

         উজাই চালো মই           ভটিয়াই চালো মই

                       তোমাৰ মান শুৱনী নাই,

           দেৱে ঐ মাৰিব             মনিছে মাৰিব

                     তোমাৰ জানো অকলে পাই ।