Category Archives: কবিতা

অসম

পোন্ধৰ বছৰ অবিশ্বাস আৰু বিনাশেৰে

চক্ৰান্ত কৰি ৰাখিলে তোক

সূতা আৰু কম্বলৰ দ’মত ।

নিপীড়িত, গোষ্ঠী-জনগোষ্ঠী, আদিবাসী

শ্ৰমিক, সংখ্যালঘু সম্পদায়ৰ মাজত ।

বিশ্বাস আৰু বিকাশৰ শ্ল’গানত

তোক মৌন কৰি ৰাখিলে

তোক শিল কৰি ৰাখিলে

তই হাতচাপৰি বজালি ।

বঞ্চিত,শোষিত আৰু নিপীড়িত মানুহবোৰ

বোবা দৰ্শকৰ দৰে চাই থাকিলি ।

 

হত্যা কৰাই হত্যা কৰি আছে

গণতন্ত্ৰ…।

শোষিত-নিপীড়িত মোৰ

অসমীয়া মানুহ

এবাৰ উভতি চা …।

Advertisements

ৰাজনীতিৰ চিঠি

                        ৰাজনীতিৰ চিঠি

 ( হেম বৰুৱাদেৱলৈ ক্ষমা আৰু প্ৰাৰ্থনাৰে )

মৰমৰ,

 এয়া মই আকৌ আহিছোঁ

আজি পাচ বছৰৰ মুৰত প্ৰতিশ্ৰুতি দিবলৈ বুলি

বাহিৰত বঞ্চনা, শোষণ আৰু নিপীড়ণৰ

প্ৰতিবাদী আন্দোলন ।

চাওঁ সুতা কম্বলবোৰ বিলাই দিওঁ

পাচ বছৰৰ আগৰ প্ৰতিশ্ৰুতিবোৰ মনত আছেনে ?

আমি যে কৈছিলোঁ

ৰাইজৰ পদুলিত ৰাইজৰ চৰকাৰ

সুখ-শান্তি বোৰ আহি উপচি পৰিব ।

ন’কৈ নেতা হৈ আহিবৰ দিনৰ পৰা

অসমৰ জনসাধাৰণে ৰহ লাগি চাই আছে

গণহত্যা , লুণ্ঠন , মন্ত্ৰী নেতাৰ নগ্ন স্বৰুপ ।

আৰু মই…?

মই যেন ল’ৰা ৰজা

মোৰ আক্ৰমণ মানতকৈও ভয়াবহ

ৰাইজৰ জানো এইবোৰ কথা মনত নাই ?

কংগ্ৰেছে যে বাংলাদেশী জীয়াই ৰাখিছে

কংগ্ৰেছৰ স্বাৰ্থত নিজৰ স্বাৰ্থত

এইবোৰ বহু বছৰ আগৰ কথা

মোৰ যে সকলোবোৰ ৰাজনীতি ৰাজনীতি লাগে ।

নিৰ্বাচন আকৌ আহিল

অবিশ্বাস আৰু বিনাশেৰে

হ’ডিং বিজ্ঞাপন, পোষ্টাৰ আৰি দিয়া হ’ল ।

একেবাৰে আঁচনি বোৰ আঁচনি হৈ ৰ’ল ।

(কেতিয়াবা মোৰ যে ইমান খং উঠে সূতা কম্বলৰ মন্ত্ৰী বুলি কলে )

সি বাৰু মোৰ চকি খনলৈ এনেদৰে

তধা লাগি চাই থাকে কিয় ?

অসমীয়া মানুহ সজাগ, সক্ৰিয় হোৱাৰ বাবে , সেই কাৰণে নহয় ?

আৰু কি ক’ম বাদ দিয়াহে

মোৰে শপত এইবাৰ  কংগ্ৰেছৰ

চৰম প্ৰায়শ্চিত্ত ।

ইতি

মৰম ল’বা

ৰাইজৰ…..।

পুনঃ এইবাৰ বুজিছা , নিৰ্বাচনত বেয়াকৈ হাৰিম । আমাৰ অসমীয়া মানুহ বোৰ সজাগ, সক্ৰিয় আৰু সৰৱ হৈ উঠিছে কংগ্ৰেছৰ বিৰুদ্ধে ।

মোৰ জীৱনৰ শেষ কবিতাটো

বহু চেষ্টা কৰিও বুজাব নোৱাৰিলো

মোৰ প্ৰেমত ঠগ, প্ৰৱঞ্চনা নাই

আছে মোৰ সত্বাৰ এটি সোণালী শব্দ – বিশ্বাস ।

সত্যৰ আৰাধনা কৰি

শব্দৰে জীৱনক সন্ধান কৰো ।

জীৱনৰ দীঘলীয়া পথত

ভুলবোৰ ক’ত কৰিলো

বাৰে বাৰে পিছলৈ উভতি চাও

এৰি অহা দিনবোৰ

সিদিনাৰ বৰ্তমান, আজিৰ অতীত

তাৰ মাজতেই মোৰ ভুলবোৰ ।

মোৰ বিশ্বাস

ঈশ্বৰ নাই

নাই বাবেই তুমি মোক

ঠগ, প্ৰৱঞ্চক

প্ৰেমৰ নামত বিশ্বাসঘাটক বুলি ভাবা ।

কেইদিনমান আগতে মই

তোমাক আৱিষ্কাৰ কৰিছিলো

মোৰ প্ৰেম আৰু জীৱন বুলি

আৰু

আজি চোৱা,

কি নিষ্ঠুৰ ভাবে ওলমি আছে

আমাৰ মাজত বিশ্বাস-অবিশ্বাস ।।

ফাগুন

তুমি হোষ্টেলৰ চাদত আবেলি

চুলি মেলি কথা পাতি আছা

উৰি আছে চুলি ওলমি আছে ফাগুন

নেবান্ধিৱা চুলি লাগে যদি লাগক ধুলি

ধুলি-বালিৰ গোন্ধ

মোৰ ভাল লাগে ।  

সৰাপাতৰ খৰ-মৰনি তুলি

খোজ কাঢ়ি খোজ কাঢ়ি

ফাগুন বিচাৰিম তোমাৰ বুকুত ।

নিষ্ঠুৰ সময়

আৰু কিমান দিন বাকী

এইবাটেৰে নামি আহিবলৈ শান্তি আৰু সুখ…?

অসমীয়াৰ চোতালত আজি বন্দুকৰ শব্দ, হত্যা

ধোঁৱা আৰু ছাইবোৰৰ মাজত

পৰি থাকে আধাপোৰা শ

হাজাৰজনে চিঞৰি উঠে

যুদ্ধৰ পিছতে শান্তি আহে

যুদ্ধ ভাল নাপায় পাহাৰ-পৰ্বত,নদী আৰু

শস্যৰ পথাৰখনে ।

শোষণ-বঞ্চনাৰ, দৰিদ্ৰ আৰু নিপীড়িতৰ

ছবি আঁকি মই এদিন হাতত পিষ্টল লৈ ফুৰিম ।

সেইসকলৰ বাবে মই উছৰ্গা কৰিম

মোৰ জীৱনৰ সমস্ত সময় আৰু ভৱিষ্যৎ

মই আজি প্ৰতিজ্ঞাবদ্ধ

মোৰ মনত জ্বলা জুইকুৰাত

আত্মজাহ দিবলৈ…

মইতো অস্তগামী বেলি নহয়

অন্ধকাৰ নুমুৱাই আনিবলৈ

মই এটা জ্বলি থকা উজ্জল

দোকমোকালি হ’ব খোজো ।।

চিগাৰেট

   মোৰ প্ৰেয়সীৰ নাম চিগাৰেট

 তাই মোক ভাল পাই

 মই তাই ভাল পাওঁ

মোৰ স’তে

ওৰেৰাতি উজাগৰে কটায়

মোৰ ওঁঠত চুমাৰ স্পৰ্শ দিয়ে

আৰু পুৰি যায় মোৰ দুখবোৰ

তাই জ্বলি জ্বলি ছাই হৈ যায়

কিন্তু মোক অকলশৰীয়া হ’ব নেদিয়ে …

জীৱনৰ এই দীঘল পথত

মৃত্যুৰ আগ মুহূত্তলৈকে

তাই মোৰ একমাত্ৰ সংগী ।।

শস্য

এইবাৰ শস্য চপোৱা নহ’ল

খেতিয়কজনে ক’লে

বানত পোত খাই

অসহায় বেচেৰা খেতিয়কজন

সেউজীয়া শস্যবোৰ ক’লৈ গ’ল ?

পথাৰখনক সুধি চালো – নাজানে

আকাশ-বতাহ কোনোৱে নাজানে । 

এটা দৰঙী ভাষাৰ কবিতা

এটা দৰঙী ভাষাৰ কবিতা

তোক ভাল পাওঁতে

বুকখান হম্ হমেই বিহেইছিল

নিজৰ মুখখান ভাঙা আইনাত চাবা নঅৰো

তোক দেখা পাওঁ বাৰে বাৰে ।

ভাল পাওঁ বুলি

ক’ম বুলিও ক’বা নল্লু…

তই বহাগ হৈ নাই’ভিদেই

খড়িকাজাঁই ফুলাৰ সময়ত ।

বুদ্ধই শান্তি শান্তি বুলি মিচিকাওতে

ফুলি উঠিল কৰবীমোখা…

তই গম পাইছিলিনে

তই ভাল নপোৱাৰ বাবে

বুকখান বিহৱাৰ কথাটো

ৰাতিবোৰ দীঘল হৈ গৈ

চিগাৰেট বোৰ পুৰি ছাই হোৱাৰ কথাটো ।

বুকখান বিহবা ধল্লি

বেলিটো ডুব নাজ’বিদেই

নহ’লে তোৰ প্ৰেমেৰে সেক দিবা লাগ্বু ।।

                  প্ৰিয়ম ৰাজ শিৱম

কবিতা

আৱৰ্জনা আৰু পলিথিনবোৰ
চহৰখনৰ অলিয়ে-গলিয়ে নেপেলাবা
চহৰখনৰো এখন বুকু আছে ৷
নদীখনত নেপেলাবা
নদীৰো ভাষা আছে
সৌন্দৰ্য আছে ৷৷

 

প্ৰেম মোৰ আজন্ম অধিকাৰ
ভাল পাম তোক
কি কৰিবি মোক ৷৷

নিৰ্জনতাত মই ৰৈ আছো
অকলশৰে,
শীতৰ বতাহে মোক কোবাই ৷

চিনাকী

এই যে আমি চিনাকী হলো
হাঁহিলো, সুখত আতুৰ হৈ সপোন দেখিলো ৷
ইজনে সিজনক আন্ধাৰতে
স্পৰ্শ কৰিলো…
কালৈ পোহৰতে নিজক হেৰুৱাম,
ইজনে সিজনক চিনি নাপাম ৷