এজনী প্ৰেমিকাৰ সন্ধানত

এজনী প্ৰেমিকাৰ সন্ধানত

মই  ৰৈ  আছো…

আৰোপ কৰা নাই কোনো চৰ্ত

মোৰ বাবে প্ৰেমৰ পৰিধি

স্বাৰ্থপৰ মানুহৰ দৰে বিনিময়ত

নিমজ্জিত নহয় ।

মই যে প্ৰেমিক হ’বলৈ বিচাৰোঁ

মোৰ জীৱনৰ পৃষ্ঠাবোৰ উকা হৈ আছে

জীৱনৰ পাতখিলা লুটিয়াই লুটিয়াই

কোনোৱা অভিমানী প্ৰেমিকাই

কৰিবনে জীৱনৰ সৰল অংক ?

আহিবনে,

নিঃস্বাৰ্থভাৱে অকৃত্ৰিম মৰম

আৰু বিশ্বাসেৰে

মোৰ সপোনবোৰৰ সংস্পৰ্শলৈ

মোৰ ওঁঠৰ শব্দত

কঁপিবনে তোমাৰ উন্মুক্ত বুকু …

প্ৰতিটো ঋতুতে

মই তোমাক চিনি পাম

মই ৰৈ থাকিম

কাৰণ,

মই যে প্ৰেমিক হ’বলৈ বিচাৰোঁ  ।।

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s